newsnextone.com|পশ্চিম নলবাৰীঃ নলবাৰী জিলাৰ মৰোৱাত শুকুৰবাৰে প্ৰয়াত শৰৎ মজুমদাৰ অক্ষয় কীৰ্তি থিয়েটাৰ ভাগ্যদেৱীৰ ৫১ সংখ্যক নাট্যবৰ্ষৰ শুভ উদ্বোধন কৰা হয় ।

শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। জ্যোষ্ঠ সাংবাদিক, নাট্যকাৰ ধ্ৰুৱ জ্যোতি শৰ্মাই আঁত ধৰা থিয়েটাৰ ভাগ্যদেৱীৰ শুভ নাট্যৰাম্ভ অনুষ্ঠানত স্হানীয় বিধায়ক নাৰায়ণ ডেকা, অসম সাহিত্য সভাৰ কোষাধক্ষ্য কনক বৰুৱা, চিকিৎসক মধুৰাম বৈশ্য, সমাজকৰ্মী জয়ন্ত হাজৰিকা, বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণীধৰ ডেকা, নাট্যকাৰ সতীশ দাস, থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰ, সহঃ প্ৰযোজক বিৰাজ মজুমদাৰসহ ভালে সংখ্যক লোক উপস্হিত থাকে।

এই অনুষ্ঠানতে থিয়েটাৰ ভাগ্যদেৱীৰ তৰফৰ পৰা প্ৰয়াত অভিনেতা ৰবীন নেওগৰ পত্নী হীৰা নেওগক এই বছৰৰ শৰৎ মজুমদাৰ স্মৃতি বঁটা প্ৰদান কৰা হয়। তদুপৰি থিয়েটাৰ ভাগ্যদেৱীৰ এই বছৰৰ মুখপত্ৰ "সংগীতা" উন্মোচন কৰা হয়।

উল্লেখ্য যে, এই বছৰ থিয়েটাৰ ভাগ্যদেৱীৰ নাট কেইখন ক্ৰমে সতীশ দাসৰ ৰামধেনুৰ ৰং,অভিজিৎ ভট্টাচাৰ্য্যৰ আজিৰ চাণক্য আৰু ধ্ৰুৱ জ্যোতি শৰ্মাৰ মহাযুদ্ধৰ আখৰা। থিয়েটাৰ ভাগ্যদেৱীৰ মঞ্চত দেখিবলৈ পাব জ্যেষ্ঠ অভিনেতা সুৰেন মহন্ত, জনপ্ৰিয় অভিনেতা অৰূপ বৰা, শংকৰ জ্যোতি ৰাজখোৱা, স্বাগতা বৰুৱা, গায়ত্ৰী বৰা সহ এদল নাট্যযোদ্বাক ।