48
নাওকাটাঃ আপোনাৰ ঘৰৰ নগদ ধন নতুবা আ-অলংকাৰ চোৰৰ টাৰ্গেট নহয়৷ এইবাৰ চোৰৰ টাৰ্গেট মোবাইল টাৱাৰ।
মোবাইল টাৱাৰৰ বেটাৰী চুৰি কৰাৰ টাৰ্গেট বাক্সা জিলাৰ সীমান্তবৰ্তী বাঙালীপাৰা চোৰৰ৷ বাক্সা জিলাৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঙালীপাৰাস্থিত এয়াৰটেল আৰু এয়াৰচেল কোম্পানীৰ টাৱাৰৰ পৰা যোৱানিশা ৪৮ টাকৈ বেটাৰী চুৰি কৰি নিছে চোৰে৷