গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত স্বাস্থ্য সেৱাৰ নামত এতিয়াও চলি আছে ভেঁকোভাওনা। স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যত স্বাস্থ্য সেৱাৰ উন্নতি হোৱা বুলি দম্ভালি মাৰি আহিছে যদিও গোৰেশ্বৰত এতিয়া সাধাৰণ ৰোগীৰ প্ৰাথমিক বহু অভাৱে দূৰ কৰিব পৰা নাই বিভাগটোৱে।
কিছুদিন ধৰি গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত গ্ৰামাঞ্চলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিছত চিকিৎসা সেৱা বিচাৰি গোৰেশ্বৰলৈ ঢাপলি মেলিছে ৰোগী আৰু ৰোগীৰ আত্মীয়ই। ১০৮ এম্বুলেঞ্চ সেৱা গোৰেশ্বৰত চলি আছে যদিও এই সেৱা যে ৰাইজৰ বাবে এতিয়াও সুলভ নহয় তাৰ প্ৰমাণ পোৱা গ’ল যোৱা দুটা দিনত।