64
শুক্লাইঃ এজন মানুহৰ পিছে পিছে দৌৰিছে বহু মানুহ৷ আগে আগে দৌৰাজনে বোকা পানী গচকি দৌৰিছিল যদিও পিছে পিছে দৌৰা সকলৰ পৰা বাচিব নোৱাৰিলে৷ পিছে পিছে দৌৰা সকলে গবা মাৰি ধৰিলে আগে আগে দৌৰাজনক৷
চিনেমাৰ দৰে এই ঘটনা সংঘটিত হৈছে ওদালগুৰী জিলাৰ ডিমাকুছিৰ বৰঙাজুলি খুটি গাঁৱত৷ বৰঙাজুলি খুটি গাঁৱৰ ৰাম চাপাগাই নামৰ লোকজনে পোহনীয়া গৰু পথাৰত এৰাল দিয়ে৷ এৰাল দিয়াৰ কিছু সময় পিছতে পথাৰত ধৰ ধৰ, মাৰ মাৰ চিঞৰ-বাখৰ লাগে৷