নগাঁওঃ ৰাজ্যৰ শ-শ লোকক লুটি ধন ঘটা এটি ডিজিটেল চোৰৰ চক্ৰক অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ বহু কষ্টৰে আনে বেংকত জমা কৰা টকা কেইটা বেংকৰ একাউন্ট হেক কৰি ট্ৰান্সফাৰ কৰি নিয়াত সিদ্ধহস্ত এই দলটোৰ ৫গৰাকী লোক ধৰা পৰে নগাঁৱত৷
কেৱল নগাঁও জিলাতে প্ৰায় ৩০ লাখ টকা বেংকৰ একাউন্ট হেক কৰি লুটি নিয়া ৫গৰাকী হেকাৰৰ মাষ্টৰ নগাঁও আৰক্ষীৰ জালত পৰে৷ পাঁচটাকৈ অনলাইন হেকাৰক আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ নগাঁও জিলাত একাউন্ট হেক কৰি টকা লুটি নিয়াৰ প্ৰায় ১০৫টা গোচৰ ৰুজু হৈ আছে বেংকৰ গ্ৰাহকৰ৷ যোৱা তিনিমাহৰ ভিতৰত নগাঁও জিলাৰ ৫৬জন বেংক গ্ৰাহকৰ পৰা প্ৰায় ৩০ লাখ টকা সৰকাই নিছিল হেকাৰকেইজনে।