Home ৰাজ্যখটখটি নাকা তালাচীত চুৰি ডাম্পাৰসহ চালক আটক

খটখটি নাকা তালাচীত চুৰি ডাম্পাৰসহ চালক আটক

by News Desk
55 views
A+A-
Reset

বোকাজানঃ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী থানাৰ নাকা তালাচীত ইখনৰ পাছত সিখনকৈ চুৰি গাড়ী উদ্ধাৰ কৰি আন্তৰ্জাতিক চুৰি গাড়ী চক্ৰৰ মাজত খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত খটখটি আৰক্ষীয়ে ত্ৰাসৰ সৃষ্টি কৰে৷ বুধবাৰে জি পুনৰ এনএল-০৩-এ-৭০১৭ নম্বৰৰ এখন চুৰি ডাম্পাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

নাকা তালাচীত আৰক্ষীয়ে উক্ত ডাম্পাৰ গাড়ীখনৰ কাগজ-পত্ৰ পৰীক্ষা কৰোতে গাড়ীখনৰ অনুজ্ঞা পত্ৰত উল্লেখ থকা ধৰণে গাড়ীখনৰ ইঞ্জিন নম্বৰ আৰু ছেছিচ নম্বৰৰ মিল নথকাত গাড়ীখন চুৰি কৰি অনা বুলি নিশ্চিত হয়৷ ইতিমধ্যে খটখটি আৰক্ষীয়ে গাড়ীখনৰ চালক ডিমাপুৰৰ চিটি টাৱাৰৰ বাসিন্দা প্ৰয়াত মন বাহাদুৰৰ পুত্ৰ কুমাৰ ৰায় (৫৫)ক আটক কৰি এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0