নগাঁওঃ চোৰে নেৰে চিকিৎসালয়৷ ২৪ ঘন্টাৰ ভিতৰত দুবাৰকৈ লুটি নিলে চিকিৎসালয়৷ চিকিৎসালয়ক মন্দিৰ-মছজিদৰ সৈতে তুলনা কৰা হয় যদিও নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ সমীপৰ মাজগাঁৱৰ হালধীআটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুৰ্বৃত্তই বাৰে বাৰে তাণ্ডৱ চলাই আহিছে৷ প্ৰশাসনে চিকিৎসালয় খন সুৰক্ষিত কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷
নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কটহগুৰি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভূমি বেদখলকাৰীৰ কৱলত পৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই এইবাৰ দুষ্কৃতিকাৰীয়ে তাণ্ডৱ চলালে সমষ্টিটোৰ আন এটি স্বাস্থ্য কেন্দ্ৰত৷