54
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ মাজ মজিয়াৰ এটা বাসগৃহৰ পৰা দিন দুপৰতে চোৰে দুৱাৰ ভাঙি বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ লুটি নিয়া কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বাসগৃহটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এনেদৰে প্ৰায় দহলাখ টকা মূল্যৰ আ- অলংকাৰ সহ নগদ দহ হেজাৰ টকা লৈ উধাও হোৱাত মূৰে কপালে হাত দিছে বাসগৃহটোৰ গৰাকীয়ে ৷