89
ৰঙিয়াঃ বিদ্যুৎ বিভাগৰ প্ৰেমত পৰিছে গাড়ীচোৰ৷ গাড়ী চুৰি কৰি আনি বিদ্যুৎ বিভাগৰ ফলক লগাই প্ৰেমত পৰাৰ প্ৰমাণ দিলে গাড়ীচোৰে৷ গাড়ীত বিদ্যুত বিভাগৰ ফলক সহ উদ্ধাৰ হ’ল চুৰি গাড়ী৷
আজি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া চহৰৰ এটা গেৰেজৰ পৰা উদ্ধাৰ কৰে বিদ্যুত বিভাগৰ ২২০০০০ ভল্টৰ ফলক লগোৱা AS-01-GC-8824 নম্বৰৰ বলেৰ’ পিক-আপ ভান খন সহ দুখন চুৰি গাড়ী৷ যোৱা ২২ জুলাইত গুৱাহাটীৰ পৰা চুৰি হৈছিল বলেৰ’ পিক-আপ ভান খন৷