চৰাইদেউঃ সোণাৰি নগৰস্থিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ এটি মন্দিৰত চুৰি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দীৰ্ঘ দিনৰ পৰা সোণাৰি নগৰত চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও এইবাৰ চোৰৰ পৰা সাৰি নগ’ল ধৰ্মীয় অনুষ্ঠানো।
কিছুদিন পূৰ্বে সোণাৰিৰ কালী-মন্দিৰত চোৰে তাণ্ডৱ চলোৱাৰ পিছতে দেওবাৰে নিশা সদৰ সোণাৰি নগৰৰ মাজমজিয়াত তথা জিলা আৰক্ষী অধীক্ষক আৰু সোণাৰি সদৰ থানাৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত থকা শিৱ-মন্দিৰত চুৰি কাণ্ড সংঘটিত হয়।