83
নগৰবেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাইৰ এটি ধূপকাঠীৰ ফেক্টৰীত বৃহস্পতিবাৰে নিশা এটি চুৰি কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, জামলাই গাঁৱৰ ছামেজ উদ্দিন আহমেদৰ ধূপকাঠী ফেক্টৰীত যোৱা নিশা চোৰৰ এটা দলে দৰ্জাৰ তলা কাটি নগদ প্ৰায় ৪০ (চল্লিছ) হেজাৰ টকা, ৩টা ম’বাইল ফোন, চি চি টিভি কেমেৰা সহ ভালেমান সা-সামগ্ৰী চোৰে লৈ যায়।