মৰিগাঁওঃ শিক্ষানুষ্ঠানক মন্দিৰ গণ্য কৰে মানুহে৷ তাৰ মাজতে একাংশ লোকে মন্দিৰ ৰূপী এই শিক্ষানুষ্ঠানৰ ক্ষতি কৰাৰ চেষ্টা কৰে৷ মৰিগাঁৱৰ লাহৰীঘাটত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো চুৰি সংঘটিত অহাৰ সময়তে চোৰৰ চকু পৰিল এইবাৰ শিক্ষানুষ্ঠানত।
এইবাৰ চোৰে লুটিলে স্মাৰ্ট ক্লাছৰ প্ৰজেক্টৰ সহ কম্পিউটাৰ সা-সামগ্ৰী। দেওবাৰে নিশা লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চোৰে লুটি নিলে ষ্মাৰ্ট ক্লাছৰ প্ৰজেক্টৰ, কম্পিউটাৰ সহ অন্যান্য সা-সামগ্ৰী। নিশা চোৰে বিদ্যালয়ৰ খিৰিকি ভাঙি সংঘটিত কৰি এই কাণ্ড।