57
শুক্লাইঃ পুলিচ নহয় চোৰে ভয় কৰে বেজক। সেয়ে বেজৰ কথা শুনিয়েই চিঠি লিখিবলৈ বহিল চোৰ। লিখা হোৱাৰ পিছত সেই চিঠি প্ৰেৰণ কৰিলে গৃহস্থলৈ। চোৰে গৃহস্থলৈ চিঠি লিখা এই ঘটনা সংঘটিত হৈছে দৰং জিলাৰ দুনীত।
প্ৰাপ্ত বাতৰি মতে, কিছুদিন পুৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দুনীৰ খনিন্দ নাথ। নৱ বিবাহিত খনিন্দ্ৰৰ আলমাৰী সোণৰ আ-অলংকাৰেৰে ভৰি আছে বুলি অনুমান কৰিয়েই সেয়া চুৰি কৰিবলৈ যো-জা চলালে চোৰে।