Home ৰাজ্যস্বতন্ত্ৰ News Next One! সফলতা-বিফলতাৰ মাজেৰে ৩ বছৰ সম্পূৰ্ণ

স্বতন্ত্ৰ News Next One! সফলতা-বিফলতাৰ মাজেৰে ৩ বছৰ সম্পূৰ্ণ

by News Desk
A+A-
Reset
WhatsApp Image 2020-01-29 at 15

গুৱাহাটীঃ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে তৃতীয় বৰ্ষ সম্পূৰ্ণ কৰি চতুৰ্থ বৰ্ষত ভৰি থলে News Next One-এ। ২০১৭ চনৰ আজিৰ দিনটোতে News Next One-ৰ ৱেবছাইটযোগে আনুষ্ঠানিকভাৱে বাতৰি প্ৰকাশ আৰম্ভ হৈছিল। ২০১৬ চনৰ ১ অক্টোবৰৰ পৰা প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰাৰ অন্তত ২০১৭ চনৰ ২৯ জানুৱাৰীৰ দিনা কেৰিয়াৰ কনছালটেণ্ট তথা বিশিষ্ট লেখক ড০ বুলজিৎ বুঢ়াগোহাইয়ে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাউছত ক্লিক কৰি মুকলি কৰিছিল News Next One-ৰ ৱেবছাইট www.newsnextone.com।

তেতিয়াৰে পৰা ২০১৯ চনৰ জুন পৰ্যন্ত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰি অসমৰ ৰাইজ তথা নেটিজেনসকলৰ পৰা সঁহাৰি পাবলৈ সমৰ্থ হৈছিল News Next One। অৱশ্যে প্ৰতিষ্ঠা কালৰ কেবাজনো সাংবাদিকে বিভিন্ন কাৰণত News Next One এৰি যোৱাৰ লগতে সকলোধৰণৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিবলৈ চেষ্টা চলোৱাৰ পৰিপ্ৰেক্ষিততো আৰ্থিকভাৱে দুৰ্বল হৈ পৰাত কিছু সমস্যাৰ সন্মুখীন হয় অনুষ্ঠানটো। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0