চাংসাৰিঃ চীনৰ উহান চহৰৰ পৰা উৎপত্তি হোৱা কৰ’না ভাইৰাছৰ আতংক তথা ভয়াৱহতাই সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন দেখুৱাইছে। বিশ্বৰ প্ৰায় ২০০খন দেশত বিয়পি পৰিছে এই মাৰাত্মক ভাইৰাছ। এই ভাইৰাছক ধৰ্মৰ দৃষ্টিকোণৰে কেতিয়াওঁ নাচাবলৈ আৰু অসাৱধানতাৰ কবলত নপৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তবিবৰ ৰহমানে। 

আজি এক বিবৃতিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ৰহমানে কয় যে কৰ’নাক লৈ কিছুসংখ্যক ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে এক ভয়ানক অপপ্ৰচাৰ চলাই আছে। হোৱাটছএপ গ্ৰুপে গ্ৰুপে এখন গোহাৰিৰ দ্বাৰা প্ৰকৃত মুছলমানসকলক কৰ’না ভাইৰাছে আক্ৰমণ নকৰে বুলি একাংশ দুষ্টবুদ্ধিৰ লোকে অপপ্ৰচাৰ চলাই আছে বুলি সদৰী কৰে নেতাজনে।

'এই ধৰ্মান্ধ লোকসকলৰ মতে এজন সঁচা মুছলমান এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নহয় আৰু সেয়ে সঁচা মুছলমান হোৱাৰ চেষ্টা কৰিলেই ভয়ৰ কাৰণ নাই। মুছলমানসকল কৰ’না ভাইৰাছৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই তাৰ পৰিৱৰ্তে এই গোহাৰিত প্ৰকাশ কৰা হৈছে যে অন্য ধৰ্মৰ লোকহে ইয়াৰ দ্বাৰা আক্ৰান্ত হ'ব। ই অতি নিম্নখাপৰ, মধ্যযুগীয় নাভুত নাশ্ৰুত আজৱ ঘটনা। ই অতিশয় অমানৱীয়, অবৈজ্ঞানিক, দুৰ্ভাগ্যজনক বিষয়।’-এইদৰে কয় ৰহমানে।

যিটো সময়ত সমগ্ৰ বিশ্বতে মাৰাত্মক ক'ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণৰ পিছতে ইয়াৰ ভয়াবহতাৰ বিষয়ে বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈ মাৰাত্মক ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা চলি থকাৰ সময়তে এনেধৰণৰ অদ্ভুত অপপ্ৰচাৰে মুছলমান লোকসকলৰ লগতে সমগ্ৰ দেশকে ক্ষতি কৰিব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে। সেয়ে তেওঁ ৰাজ্যৰ সমূহ সংখ্যালঘু জনসাধাৰণক এনে নাভূত-নাশ্ৰুত অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনায়।

'কোনো ধৰণৰ মস্তিস্কহীন অপপ্ৰচাৰক গুৰুত্ব নিদি কেৱল মাত্ৰ চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশনাৱলীসমূহ পালন কৰিবলৈ চেষ্টা কৰক। এই সময়খিনি অতি স্পৰ্শকাতৰ আৰু ভয়ানক, এই সময়ছোৱাত বহুতে ধৰ্মৰ গইনা লৈ নিজৰ মুনাফা লাভৰ বাবে আপোনাৰ জীৱনৰ লগত খেলা খেলিবলৈ চেষ্টা কৰিব।’-বিজেপিৰ নেতাজনে  জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই ভণ্ডসকলক চিনাক্ত কৰি প্ৰশাসনক সহায় কৰিবলৈ সংখ্যালঘু ৰাইজক আহ্বান জনাই এইদৰে কয়।