71
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ঢোলমাৰাত যোৱা মাজনিশা আৰক্ষীয়ে অভিযান চলাই হত্যাৰ গোচৰত অভিযুক্ত তিনি গৰাকীকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত অভিযুক্ত তিনিগৰাকী ক্ৰমে ৰাজেশ ওৰাও (২৬), মাথিয়াছ ওৰাও (২২) আৰু তুলসী ওৰাও (২৫)৷
ধৃত কেইজনৰ পৰা আৰক্ষীয়ে চোকা অস্ত্ৰও জব্দ কৰিছে ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ সীমান্তৱৰ্তী চৈবাৰী চাহ বাগিছাত যোৱা ১৯ আগষ্টৰ মাজনিশা অচিনাক্ত যুৱকৰ দল এটাই থমাছ তিৰ্কী নামৰ এজন আদিবাসী যুৱকক হত্যা কৰিছিল৷