Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

গুৱাহাটীঃ ছ'চিয়েল মিডিয়াত চৰকাৰৰ জনবিৰোধী নীতি তথা হত্যা, ধৰ্ষণ, হিংসা, দুৰ্নীতিৰ বিৰুদ্ধে সততে সক্ৰিয় হৈ থকা লুইতক হত্যা কৰিব জুবিন অনুৰাগীয়ে৷ কেৱল চৰকাৰৰ জনবিৰোধী নীতি তথা হত্যা, ধৰ্ষণ, হিংসা, দুৰ্নীতিৰ বিৰুদ্ধেই নহয় সাহিত্য-সংস্কৃতি-ব্যৱসায় আদি বিষয়তো সততে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰ্চিত হৈ আহিছে লুইত কুমাৰ বৰ্মন৷

চৰকাৰ তথা শাসক পক্ষক তৈলমৰ্দন কৰাৰ পৰিবৰ্তে যোগাত্মক সমালোচনাৰ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা বোলছবি প্ৰযোজক লুইত কুমাৰ বৰ্মনে যোৱা কিছুদিন ধৰি ৰাজ কুমাৰৰ A Wondrous Army নামৰ ভিডিঅ' ছবিখনৰ বিষয়ে নিজৰ ফেচবুকৰ টাইমলাইনত লেখা-মেলা কৰি আহিছে৷ ৰাজকুমাৰে ছবিখন Youtubeত মুক্তি দিয়ে৷ ছবিখন মুক্তি দিয়াৰ পিছত ৰাজকুমাৰক একাংশ লোকে অশ্লীল ভাষাৰে গালি-গালাজ কৰে যদিও আন একাংশ লোকে ৰাজকুমাৰৰ ছবিখন আদৰি লয়৷

একাংশ লোকে অভিনয়ৰ জগতত সক্ৰিয় হৈ থকা ৰাজকুমাৰক বিভিন্ন অবাইচ কথাৰে ছ'চিয়েল মিডিয়াত আক্ৰমণ কৰে৷ তাৰ পিছতে ৰাজকুমাৰৰ সমৰ্থনত একাংশ লোকে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে৷ যদি ৰাজকুমাৰে ভাল কাম কৰা নাই তেন্তে তেওঁক সমালোচনা কৰাৰ সকলােৰে অধিকাৰ আছে৷ কিন্তু জ্যেষ্ঠ লোকজনক অশ্লীল ভাষাৰে গালি-গালাজ কৰা উচিত হোৱা নাই বুলি ক্ষোভ ব্যক্ত কৰে৷

ৰাজ্যখনৰ প্ৰতিগৰাকী শিল্পীক সকলোৱে শ্ৰদ্ধা তথা সন্মান জনাব লাগে বুলি কৈ কেইগৰাকীমান গ্লেমাৰ শিল্পীৰ অনুৰাগীয়ে হৈ হৈ চৈ কৰা পৰিলক্ষিত হোৱা কাৰ্যক লৈয়ো চিন্তা ব্যক্ত কৰে একাংশ লোকে৷ জন্মতে সকলো লোকে সমান প্ৰতিভা লৈ নাহে যদিও সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাব লাগে বুলি কৈ প্ৰতিভাসম্পন্ন লোকগৰাকীয়ে স্বীকৃতি পাব বুলিও কয় ছ'চিয়েল মিডিয়াত৷ শিল্পী কলা-কুশলীয়ে নিজৰ নিজৰ কাম কৰি যাওতে ভাল-ভুল সকলো হ’ব পাৰে যদিও তাক লৈ কোনেও কাকো অশ্লীল ভাষাৰে গালি-গালাজ কৰাটো উচিত নহয়৷

তাৰ মাজতে লুইত কুমাৰ বৰ্মনে A Wondrous Army কথাছবি সন্দৰ্ভত ফেচবুকৰ পোষ্ট দি ৰিভিউ লিখি এনেদৰে কয় "ৰাকু সেনা, ৰাকু ৰাণীসকলে মনে নকৰিলে যে wondrous armyৰ সকলোতকৈ ডাঙৰ চাচপেঞ্চ কি? এটা দৃশ্যত নায়কে সংলাপ দিছে যে "মে হিন্দীভাষী নেহী হু, ফিৰ ভি হিন্দী বোলতা হু" গোটেই চিনেমাখন হিন্দীত, তথাপিও নায়কে কৈছে মই হিন্দীভাষী নহয়, তেন্তে তেওঁ কি ভাষা কোৱা লোক? কাটাপ্পাই বাহুবলীক কিয় মাৰিছিল সেইয়া দুই বছৰ ভাৰতৰ ৰাজহুৱা চাচপেঞ্চ আছিল আৰু অসমত এনে চাচপেঞ্চ গঢ়ি তুলিলে মাত্ৰ আমাৰ ৰাকু দাই চিনেমাখন হিন্দী কিন্তু নায়কে ক'লে মই হিন্দীভাষী নহওঁ, তেন্তে নায়ক কি ভাষী"?

আন এটা ফেচবুক পোষ্ট যোগে ছবিখন সন্দৰ্ভত লুইত কুমাৰ বৰ্মনে এনেদৰে কয় "Wondrous Army চিনেমাখনৰ ৩৭ মিনিট ১৭ ছেকেণ্ডৰ সময়ৰ এটা দৃশ্য (তাৰ আগত কি হৈছে সেইয়া পিছত আলোচনা কৰিম) এজন উগ্ৰপন্থীয়ে এজনী ছোৱালীক ধৰ্ষণ কৰিবৰ বাবে লৈ যায় কিন্তু ছোৱালীজনীয়ে দৌৰি গৈ ৰাজকুমাৰ দাৰ ওচৰ গৈ পায়৷ সেই সময়ত ৰাজকুমাৰৰ তাত বন্দুক আছিল কিন্তু উগ্ৰপন্থীজনৰ হাতত নাছিল৷ ইচ্ছা কৰিলে ৰাজকুমাৰে লগে লগে উগ্ৰপন্থীজনক গুলী কৰিব পাৰিলেহেতেন৷ কিন্তু গুলী নামাৰি ৰাজকুমাৰ দাৰ সংলাপেৰে গোটেই সমাজৰ প্ৰতি এটা বাৰ্তা প্ৰেৰণ কৰে৷ সকলো ধৰ্মৰে যে এটাই লক্ষ্য "শান্তি" তেওঁৰ সংলাপেৰে বুজাই দিলে আৰু সেইটো পৰিচালকৰ চতুৰতা৷ ইয়াৰ দ্বাৰা সকলো ধৰ্মৰ মানুহক মিলি জুলি শান্তিৰে বসবাস কৰিবলৈ তেওঁ এটা শক্তিশালী বাৰ্ত্তা প্ৰেৰণ কৰিলে৷ ইমান কম সময়ত ইমান কথা বুজাই দিয়াটো পৰিচালকৰ চমকতা৷ আনহাতে, তাৰ পিছত পৰিচালক-হিৰোজনে সেই ধৰ্ষণকাৰীজনক হত্যা কৰিব অনুমতি দিয়ে ছোৱালীজনীক৷ ভালদৰে মন কৰিলে শুনিব যে উগ্ৰপন্থীজনে ছোৱালীজনীক বেহেন মুজে মত মাৰো, এনেকৈ কৈছিল৷ আমি সাধাৰণ দৰ্শক হিচাপে বেহেন কোৱাৰ পিছত তেওঁক হত্যা কৰিব বুলি ভাবা নাছিলোঁ৷ কিন্তু হত্যা কৰিবলৈ অনুমতি দি পৰিচালকে ধৰ্ষণকাৰীৰ বা ধৰ্ষণনৰ চেষ্টা কৰা ব্যক্তিৰ প্ৰতি zero tolerance প্ৰদৰ্শন কৰি সকলো নাৰীক এটা সুন্দৰ বাৰ্তা দি উৎসাহিত কৰিলে৷ ইমান কম সময়ত দুটা তিনিটা সমাজৰ প্ৰতি যি ভাল বাৰ্তা দিলে পৰিচালক জনে, সেইয়া সঁচাকৈয়ে প্ৰসংশনীয়৷"

এই দুটি পোষ্ট দিয়াৰ পিছত একাংশ লোকে ফেচবুকৰ পোষ্টটোত লুইতক আক্ৰমণ কৰে৷ বেয়াকৈও ক'বলৈ আৰম্ভ কৰে প্ৰযোজক লুইতক৷ পুনৰ আন এটা পোষ্ট দি লুইতে কয় "ৰাকুদাৰ চিনেমাবোৰ প্ৰকৃততে ভিডিঅ' ছবিহে যিহেতু এই চিনেমাবোৰ চেঞ্চৰ নিয়মাৱলীত প্ৰযোজ্য হোৱা নাই৷ তথাপিতো তেওঁৰ চিনেমাই যি নতুনত্ব আৰু ৰসাত্মক বাখ্যা আগবঢ়াইছে সেয়া মানিবলগীয়া৷ আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতৰ চিনেমাৰ এটা এটা দৃশ্য বা সংলাপৰ ওপৰত যিমান আলোচনা, কাৰ্টুন বা হাস্য ৰসাত্মক লিখা-মেলা আৰম্ভ হৈছে সেয়া ভাল ভাল বুলি দাবী কৰা বা অতি খৰচী বহু অসমীয়া চিনেমাৰ বাবে সপোন হে মাত্ৰ৷ সাংবাদিক মেল পাতি বা ঢাক ঢোল বজাই প্ৰচাৰ নচলোৱা প্ৰচাৰবিমুখ মানুহজনক ৰাইজে উপযাচি যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ পৰা আমাৰ দৰে অহংকাৰী আৰু মদগৰ্বী মানুহবোৰে বহু কথাই শিকা উচিত৷"

লুইত কুমাৰ বৰ্মনে পোষ্টটো দিয়াৰ পিছতে মৃগাংক নামৰ যুৱক এজনে কমেন্ট কৰি হত্যাৰ ভাবুকি প্ৰদান কৰে৷ মৃগাংক নামৰ যুৱজনে কমেন্টত কয় "ৰাকু নে ফাকুটোক সমৰ্থন কৰ যদি কৰ৷ হয়তো সি চাগে দেউতাৰ হ’ব পায়৷ কিন্তু জুবিন দাক সমালোচনা নকৰিবি৷ কাৰণ মোৰ জুবিন ডাঙৰ ককাইডেউৰ নিচিনা৷ জোখত থাকিবি৷ নহ’লে পৃথিৱীখন আধাতে এৰিব লাগিব৷"

একপ্ৰকাৰ লুইতক মুকলিকৈ হত্যাৰ ভাবুকি প্ৰদান কৰে মৃগাংকই৷ লুইতে মৃগাংকৰ বিৰুদ্ধে মহানগৰীৰ পল্টন বজাৰ থানাত দেওবাৰে এজাহাৰ দাখিল কৰে৷ মৃগাংক বৰা নামৰ লোকজন নগাঁও জিলাৰ আৰু পেচাত এগৰাকী শিক্ষক বুলি জানিব পৰা গৈছে৷ লুইতৰ অধিবক্তা গৌতম চমুৱাই আৰক্ষীয়ে মৃগাংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ন্যায়লয়লৈ যোৱাৰ ভাবুকি প্ৰদান কৰে৷

আনহাতে বিহুৰ সময়ত ডিব্ৰগড়ৰ এগৰাকী কাই খাপলাং নামৰ যুৱকে জুবিন গাৰ্গক শূন্য দূৰত্বৰ পৰা গুলী কৰিম বুলি ফেচবুকত পোষ্ট দি জেলৰ ভাত খাব লগা হৈছিল যদিও জুবিন অনুৰাগীয়ে মৃত্যুৰ ভাবুকি দিলে জেললৈ যাব নে নাই সেয়া লক্ষ্যণীয় হ’ব বুলি চৰ্চিত হৈছে৷

লুইত কুমাৰ বৰ্মনে newsnextone.comক কয় যে তেওঁ জুবিনক সমালোচনা কৰি আহিছে যদিও কোনে দিনে অশ্লীল শব্দ প্ৰয়োগ কৰা নাই৷ জুবিন গাৰ্গে মানুহক মুগ্ধ কৰিবলৈ সক্ষম হোৱা বুলি কৈ জুবিন গাৰ্গক সফল আখ্যা দিয়ে লুইতে৷ বৰ্তমান সময়ত সকলোৱে নিজৰ নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদিৰে মানুহে নিজৰ মনৰ কথা প্ৰকাশ কৰি আহিছে বুলিও তেওঁ মত ব্যক্ত কৰে৷ কিন্তু এনেকৈ হত্যাৰ ভাবুকি দিয়া কাৰ্যত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।

উল্লেখ্য যে, সাধাৰণ মানুহৰ পৰা চেলিব্ৰেটীলৈ, ৰাজনেতাৰ পৰা সমাজকৰ্মীলৈ সকলোৱে এতিয়া ফেচবুক ব্যৱহাৰ কৰে৷ ফেচবুকত নিজৰ মনৰ কথা কোৱাৰ লগতে চৰকাৰৰ জনবিৰেধী নীতিৰ বিৰুদ্ধে বহু লোকে মত প্ৰকাশ কৰি আহিছে। নিৰ্বাচনৰ সময়তো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰচাৰতো ফেচবুকক ব্যৱহাৰ কৰিছে৷ ৰাজনৈতিক দলৰ সমৰ্থকসকলেও ফেচবুকত দলৰ নীতি আদৰ্শ লক্ষ্যৰ কথা প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণ কৰা দেখা যায়।

চৰকাৰৰ জনবিৰোধী কৰ্ম-কাণ্ডৰ বিৰুদ্ধে জনমত গঢ়াত যেন সবল ভূমিকা পালন কৰিছে ছ’চিয়েল মিডিয়াই৷ চলিত বছৰটোত দেখা গৈছিল ফেচবুকত প্ৰকাশ পোৱা কেইবাটাও ঘটনাই ৰাজ্য তথা দেশত আলোড়নৰ সৃষ্টি কৰিছিল৷ তেজ বাহাদুৰ নামৰ বি এছ এফৰ জোৱানে এগৰাকীয়ে ’ফেচবুক লাইভ’ কৰি তেওঁলোকক দিয়া খাদ্যৰ প্ৰকৃত ছবিখন ৰাজহুৱা কৰি দেশত তোলপাৰ লগাইছিল৷

স্বয়ং কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিব লগা হৈছিল বি এছ এফ জোৱানজনৰ অভিযোগক৷ আনহাতে ৰাজ্যত তোলপাৰ লগাইছিল এগৰাকী যোৰহাটৰ যুৱতীৰ এটি ফেচবুক পোষ্টে৷ যুৱতীগৰাকীয়ে যৌন নিৰ্যাতনৰ সন্মুখীন হৈ অহাৰ কথা মুকলিকৈ ফেচবুকত লিখি তোলপাৰ লগাইছিল৷ হোজাইৰ যমুনামুখৰ এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰি নদীত পেলাইছিল৷ ফেচবুক আৰু হোৱাটছএপ যোগে প্ৰচাৰ আৰম্ভ কৰি ৰাজ্যজুৰি হত্যাকাণ্ডৰ ন্যায় বিচাৰি হাতত মম জ্বলাই ৰাজ পথলৈ ওলাই আহিছিল ৰাজ্যবাসী৷ কিন্তু তাৰ মাজতে একাংশ লোকে অনাহক বিতৰ্ক তথা ধৰ্মীয়-সাম্প্ৰদায়িক কথা বতৰা আলোচনা কৰি সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে৷