গুৱাহাটীঃ ছ’চিয়েল মিডিয়াত চৰকাৰৰ জনবিৰোধী নীতি তথা হত্যা, ধৰ্ষণ, হিংসা, দুৰ্নীতিৰ বিৰুদ্ধে সততে সক্ৰিয় হৈ থকা লুইতক হত্যা কৰিব জুবিন অনুৰাগীয়ে৷ কেৱল চৰকাৰৰ জনবিৰোধী নীতি তথা হত্যা, ধৰ্ষণ, হিংসা, দুৰ্নীতিৰ বিৰুদ্ধেই নহয় সাহিত্য-সংস্কৃতি-ব্যৱসায় আদি বিষয়তো সততে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰ্চিত হৈ আহিছে লুইত কুমাৰ বৰ্মন৷
চৰকাৰ তথা শাসক পক্ষক তৈলমৰ্দন কৰাৰ পৰিবৰ্তে যোগাত্মক সমালোচনাৰ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা বোলছবি প্ৰযোজক লুইত কুমাৰ বৰ্মনে যোৱা কিছুদিন ধৰি ৰাজ কুমাৰৰ A Wondrous Army নামৰ ভিডিঅ’ ছবিখনৰ বিষয়ে নিজৰ ফেচবুকৰ টাইমলাইনত লেখা-মেলা কৰি আহিছে৷ ৰাজকুমাৰে ছবিখন Youtubeত মুক্তি দিয়ে৷ ছবিখন মুক্তি দিয়াৰ পিছত ৰাজকুমাৰক একাংশ লোকে অশ্লীল ভাষাৰে গালি-গালাজ কৰে যদিও আন একাংশ লোকে ৰাজকুমাৰৰ ছবিখন আদৰি লয়৷