75
শিমলুগুৰিঃ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিমলুগুৰি আঞ্চলিক মুছলিম মহিলা পৰিষদে অনুষ্ঠিত কৰা তিনিদিনীয়া জিকিৰ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে।
১১ জুলাইৰ পৰা শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা জিকিৰ কৰ্মশালাত অঞ্চলটোৰ ৫০ গৰাকী যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰি আনাতাৰ শিল্পী ফৰিদুৰ ৰহমানৰ পৰা জিকিৰৰ প্ৰশিক্ষণ লয়।