বাঘবৰঃ ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে অপহৰণৰ ঘটনা। বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত মন্দিয়াৰ পৰা যোৱা বুধবাৰে সন্ধানহীন হয় তিনি গৰাকীকৈ ছাত্ৰী। ঘটনা সন্দৰ্ভত মন্দিয়া আৰক্ষী চকীত ছাত্ৰীকেইগৰাকীৰ পৰিয়ালে গোচৰ ৰুজু কৰে।
সন্ধানহীন ছাত্ৰী কেইগৰাকী হৈছে আগমন্দিয়া গাঁৱৰ অষ্টম শ্ৰেণীৰ আয়েশা ছিদ্দিকা, নৱম শ্ৰেণীৰ ৰৌমাৰী গাৱৰ জাহিদা খাতুন আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰী উম্মে ছিদ্দিকা। ইয়াৰে আয়েশা আৰু জাহিদা মন্দিয়া আৰ্দশ বিদ্যালয়ত অধ্যয়নৰত। আনহাতে উম্মে ১৭৩৭নং আগমন্দিয়া নিম্ন বুনিয়াদি বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰী।