যেতিয়া সকলো উন্নত আধুনিক কৌশল বিফল হৈছিল, তাৰ পিছতে এক অবৈধ কৌশল আৰু কেইগৰাকীমান সাধাৰণ শ্ৰমিকৰ অভিজ্ঞতা আৰু প্ৰচেষ্টাই জীৱন ৰক্ষা কৰে ৪১ জন শ্ৰমিকৰ। উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত ১৭ দিন ধৰি আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ উদ্ধাৰৰ পিছত যিদৰে সমগ্ৰ দেশেই শলাগিছে তেওঁলোকৰ সাহস আৰু ধৈৰ্য্যক, সেইদৰেই এতিয়া চৰ্চিত হৈ পৰিছে এই উদ্ধাৰ অভিযানত নিয়োজিত হৈ থাকি তাক সফল কৰি তোলা প্ৰকৃত নায়কসকলো।
১২ নৱেম্বৰত সংঘটিত হৈছিল সেই ভয়াবহ দুৰ্ঘটনা। যিটো দিনত সমগ্ৰ দেশে উদযাপন কৰিছিল পোহৰৰ উত্সৱ দিপাৱলী, সেই দিনাই উত্তৰকাশীত নিৰ্মীয়মান সুৰংগ খহি ভিতৰত আৱদ্ধ হৈ পৰছিল ৪১ জনকৈ শ্ৰমিক। তাৰ পিছত ১৩ নৱেম্বৰৰ দিনা প্ৰথমবাৰৰ বাবে যোগাযোগ সম্ভৱ হৈছিল শ্ৰমিকসকলৰ সৈতে। সুৰংগৰ ভিতৰত জীৱন-মৃত্যুৰ দুৱাৰদলিত থিয় দি শংকিত হৈ পৰিছিল শ্ৰমিকসকল, আনফালে বাহিৰত তেওঁলোকৰ উদ্ধাৰৰ বাবে পূৰ্ণগতিত চলিছিল অভিযান। সমগ্ৰ দেশৰ লগতে বিদেশৰো সুৰংগ বিশেষজ্ঞ উপস্থিত হৈছিল উত্তৰকাশীত। সকলোৰে উদ্দেশ্য আছিল একেটাই—েনেকৈয়ে নহওক শ্ৰমিকসকলক উদ্ধাৰ কৰা।