65
বাৰপূজীয়াঃ গাৰ নোম শিয়ৰি উঠা এটি ঘটনা। এই ঘটনাত প্ৰাণ হেৰুৱাইছিল মৰিগাঁৱৰ জয়নাল আলী নামৰ এজন গাড়ী চালকে। ডিফুত হত্যাৰ বলি হৈছিল দুৰ্ভগীয়া চালকজন।
উক্ত হত্যাকাণ্ডত জড়িত ৩ হত্যাকাৰীক আজি আৰক্ষীয়ে আটক কৰাৰ পিছতে পোহৰলৈ আহিছে শিহৰণকাৰী তথ্য। দুটি শিশুৰ কথা-বতৰাৰ আঁত ধৰিয়েই হত্যাকাৰীকেইজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয় আৰক্ষী। ধৃত হত্যাকাৰীকেইজন হৈছে আব্দুল কালেম, হাছমত আলী আৰু ফাতেমা খাতুন।