20
Jun
2017

খাৰুপেটীয়াঃ দীৰ্ঘদিন ধৰি অৰণ্যত সন্ত্ৰাস চলাই থকা ৩ জনকৈ চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰে। ধৃত চোৰাং চিকাৰী কেইটা হৈছে সহৰ আলী, নবী হুছেইন আৰু মইনুল হক।
দৰঙৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাই এক গোপন সূত্ৰৰ পম খেদি দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া পথাৰ গাঁৱৰ পৰা তিনিওজনক আটক কৰিবলৈ সক্ষম হয়।
নিশা চলোৱা এই অভিযানত আৰক্ষীয়ে আটাইকেইজনকে আটক কৰাৰ লগতে থ্ৰী নট থ্ৰী ৰাইফল আৰু ২৮ জাই সজীৱ গুলী উদ্ধাৰ কৰে।
আৰক্ষীৰ জেৰাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত যোৱা ২৮ জানুৱাৰীত সংঘটিত গঁড় হত্যা ঘটনাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰিছে ধৃত চিকাৰীকেইটাই। সম্প্ৰতি অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ধূলা আৰক্ষীয়ে।