গুৱাহাটীঃ ৰাজ্যত আজিও অব্যাহত আছে অবৈধ কাঠৰ ব্যৱসায়৷ ট্ৰাকে ট্ৰাকে অবৈধ কাঠ আজিও সৰবৰাহ হৈ আহিছে ৰাজ্য খনত৷ একাংশ ক্ষমতাশালী লোকে কোটি কোটি টকাৰ অবৈধ কাঠৰ ব্যৱসায় কৰি আহিছে৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নানা পদক্ষেপ লৈ আহিছে যদিও তেনে কোনো পদক্ষেপে অসমত প্ৰভাৱ পেলাব পৰা নাই৷
ৰাজ্যৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ ফলতেই ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে অসম-অৰুণাচল সীমান্ততো কাঠ মাফিয়াই মুকলিকৈ চলাই গৈছে অবৈধ চোৰাং কাঠৰ ব্যৱসায়৷ তাৰ মাজতে আজি পুৱাই অসম-অৰুণাচল সীমান্তৰ জোনাইত ১৫নং ৰাষ্ট্ৰীয় ঘাইত তিনি ট্ৰাক জব্দ কৰে বন বিভাগে৷