কোকৰাঝাৰঃ বিজেপিক পৰাভূত কৰিবলৈ আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ থাকিব লাগিব। বিজেপিৰ অপশাসনৰ পৰা মুক্ত হ’বলৈ হ’লে আমি ঐক্যবদ্ধ হৈ থকাটো জৰুৰী। অপশাসনৰ পৰা মুক্ত পাবলৈ হলে ২০২৬ চনৰ নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। সমাগত উপ-নিৰ্বাচনত বিহালী সমষ্টিক লৈ বিৰোধী ঐক্যত ফাঁট মেলাৰ উপক্ৰম হোৱাৰ সময়তে কোকৰাঝাৰত এই মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাগুৰমাৰি আঞ্চলিক সমিতিৰ সহযোগত কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গৌৰাং নদীৰ পাৰৰ গৌৰাংছা বাগিছাগাঁৱত অনুষ্ঠিত হোৱা এবিএমছুৰ চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু কোকৰাঝাৰ জিলা এবিএমছুৰ নৱম দ্বিবাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অখিল গগৈয়ে উক্ত মন্তব্য কৰে। নিজ ভাষণত অখিল গগৈয়ে লাফিকুল ইছলামৰ হত্যাকাণ্ড ৰাজনৈতিক ষড়যন্ত্ৰ আছিল বুলি দাবী কৰি কয় যে ষড়যন্ত্ৰ আছিল বাবে আজিলৈকে লাফিকুল ইছলামৰ হত্যাকাৰীয়ে শাস্তি নাপালে।