ডিজিটেল ডেস্কঃ বুধবাৰে এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে সমগ্ৰ বেংগলবাসীকে কঁপাই তুলিলে৷ বেংগলৰ সাগৰ পাৰত এক প্ৰচণ্ড ধুমুহাৰ ৰূপে দেখা দিয়া ইয়াৰ প্ৰভাৱ উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশলৈকে প্ৰভাৱ বিস্তাৰ কৰে বুলি জানিব পৰা যায়৷ এনে ধুমুহাৰ পাছত এই এলেকাত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়াৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীয়ে কয়৷

যদিও কোনো বিঘিনি ঘটোৱা নাই তথাপিও সজাগতাৰ দিশত আগবাঢ়িছে বেংগল, উৰিষ্যাৰ তথা অন্ধ্ৰ প্ৰদেশবাসী৷ উৰিষ্যাৰ গোপালপুৰৰ পৰা অন্ধ্ৰ প্ৰদেশৰ কলিংগপটনমলৈকে অধিক পৰিমাণে বৰষুণ হোৱাৰ আশংকা আছে বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিয়ে৷ সাগৰৰ পাৰৰ পৰা প্ৰায় ৩৭০ কিলোমিটাৰ দূৰত্বত প্ৰতি ঘন্টাত ১০ কিলোমিটাৰ তীব্ৰ গতিত ধুমুহা আহিছিল৷ 

উল্লেখযোগ্য যে এই ভীষণ ভয়ানক ধুমুহাৰ কবলৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে যো জা চলাইছে৷ আনহাতে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বুধবাৰে ৰাজধানী ভূৱনেশ্বৰত উচ্চ পদস্থ বিষয়াসকলৰ লগত বৈঠক আয়োজিত কৰি এই বিষয়ত আলোচনা কৰে৷