newsnextone.com | কাজিৰঙাঃ দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বোকাখাতত বিশ্ব বাঘ দিৱস উদযাপন কৰা হয়। বোকাখাত মহকুমা প্ৰশাসন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত বিশ্ব বাঘ দিৱস উদযাপন কৰা হয় ৷
বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত পালন কৰা বাঘ দিৱস আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেবিনেট মন্ত্ৰী অতুল বৰাই মহকুমা প্ৰশাসনৰ উদ্যোগত বাঘ দিৱস উদযাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷