নামতিঃ মানুহৰ বুদ্ধিৰ সন্মুখত যেন আত্মসমৰ্পণ কৰিলে বনৰ ৰজাই৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ উজনিৰ শিৱসাগৰ জিলাৰ নামতি সমীপৰ মেজেঙ্গাত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷ তাৰ পিছতে দেওবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো।
বন বিভাগে যোৱা কেবাদিন ধৰি অহৰহ প্ৰচেষ্টাৰ অন্তত দেওবাৰে মাংসৰ লোভত পিঞ্জিৰাত সোমাই আবদ্ধ হয় নাহৰফুটুকী৷ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে বাঘ চাবলৈ শ শ লোকে ভিৰ কৰে। শিৱসাগৰ জিলাৰ নামতি সমীপৰ মেজেঙ্গাত বনবিভাগৰ পিঞ্জৰাত আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকীটো। জানিব পৰা মতে, বিগত বহু বছৰ ধৰি অঞ্চলটোত বহুকেইটা নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছিল। বাঘটোক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে গেলেকীৰ বনবিষয়াই CISFৰ কেম্পত কুকুৰ বান্ধি বাঘ ধৰাৰ বাবে পিঞ্জৰা পাতে।