শুক্লাইঃ নানান জাতি-জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন বৰ অসম৷ পৰম্পৰা সংস্কৃতিৰ ভড়াল এই খন অসম৷ সাংস্কৃতিৰ বহল পথাৰখনত বিভিন্ন ধাৰ্মিক, ভাষা-ভাষিক তথা সাংস্কৃতিক গোটৰ বিভিন্ন উৎসৱ পালন কৰা হয়৷ জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ-পাৰ্বন সমূহে আমাক ভাতৃত্বৰে বান্ধ খাই ৰাখিছে৷ এই উৎসৱ পাৰ্বনৰ ভিতৰত অন্যতম ৰাজ্য খনৰ নেপালী ভাষিক লোকসকলৰ তিহাৰ উৎসৱ৷ তিহাৰ শাৰদীয় উৎসৱ যদিও পাঁচদিনধৰি উলাহ-মালহেৰে পালন কৰে নেপালী লোকসকলে৷
কৃষিজীৱি নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক, সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা আদিকে প্ৰকাৰন্তৰে প্ৰতিফলিত হয় এই উৎসৱত৷ পৰম্পৰামতে ভাৰতীয় গোৰ্খা অৰ্থাৎ নেপালী সমাজৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ “তিহাৰ”৷ অসমত যুগ যুগ ধৰি বসবাস কৰি অহা নেপালী লোকসকলে এই উৎসৱ পালন কৰি আহিছে ‘ৰমাইলো তিহাৰ’ নামেৰে৷ ৰাজ্যত দীপাৱলী পালনৰ প্ৰস্তুতি চলি থকাৰ মাজতে মঙলবাৰৰ পৰা গোৰ্খা সকলে পাঁচদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে তিহাৰ উৎসৱ।