নতুন দিল্লীঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সংসদৰ যুটীয়া অধিৱেশনত তিনি তালাকক মহিলাৰ স্বাধীনতাৰ অন্তৰায় বুলি কোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে তিনি তালাক বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে তৎপৰ হৈ পৰিছে৷

শুকুৰবাৰে এই বিধেয়কখন কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে লোকসভাত উত্থাপন কৰে৷ এই বিধেয়ক উত্থাপনত তীব্ৰ বিৰোধিতা কৰে এআইএমআইএমৰ নেতা আছাদুদ্দিন অ’ৱেইছি আৰু কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰে৷ 

অ’ৱেইছিয়ে কয় যে বিধেয়কখনে সংবিধানক অৱমাননা কৰিছে আৰু এই বিধেয়কৰ কেতবোৰ ব্যৱহাৰিক অসুবিধা আছে৷ যেনে, তিনি তালাক দিয়া এজন লোকক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়াৰ সময়ত মহিলাগৰাকীক কোনে ভৰণ-পোষণ দিব বুলি তেওঁ প্ৰশ্ন কৰে৷

আনহাতে, কংগ্ৰেছৰ শশী থাৰুৰে কয় যে তিনি তালাক ব্যৱস্থা দলটোৰে বিৰোধ কৰে যদিও চৰকাৰে প্ৰস্তুত কৰা বিধেয়কখনৰ ভাব-ভাষাক কংগ্ৰেছে সমৰ্থন কৰিব নোৱাৰে৷

বিধেয়কখন উত্থাপনৰ বাবে ভোট লোৱাৰ দাবী অহাত অধ্যক্ষ ওম বিৰলাই মৌখিৰ ভোটৰ ব্যৱস্থা কৰে আৰু বিধেয়কখন সদনত উত্থাপন কৰা হয়৷