newsnextone.com | লিডুঃ ৰাজপথৰ গাঁতত জমা হোৱা পানীত নাৱত উঠিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই৷ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত জমা হোৱা পানীত নাও চলাই৷ প্ৰকৃততে এয়াই এক অভিনৱ প্ৰতিবাদহে৷ অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদে পথত নাও চলাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷ তিনিচুকীয়া জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথ দীৰ্ঘ কাল মেৰামতি নকৰাত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ গাড়ী-মটৰ চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি পথটো মেৰামতি কৰিবলৈ দাবী জনায়৷ 

ৰাজ্যৰ মন্ত্ৰী-বিধায়কে বিধায়ক হৈয়ে প্ৰথমে এখন বিলাসী গাড়ী ক্ৰয় কৰ৷ বিধায়ক হোৱাৰ পিছতে তেওলোক VVIP হৈ পৰে৷ VVIP হৈ পৰাৰ ফলত তেওলোকে জীৱন ধাৰণৰ পৰা আৰম্ভ কৰি সকলো সলনি কৰিবলৈ বাধ্য হয়৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি বোৰো লাহে লাহে পাহৰি যাবলৈ আৰম্ভ কৰে৷ হিন্দু-মুছলমান, জাত-পাতক লৈ ব্যস্ত হৈ থাকিব লগা হয়৷

বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, গৰাখহনীয়া তথা দৰিদ্ৰ, শ্ৰমিকক পাহৰি যাব লগা হয়৷ তেওঁলোকৰ আগে পিছে তেতিয়া বৰ বৰ মানুহ ঘুৰা-ফুৰা কৰে৷ তেনেই এক সমস্যাৰ মুখামুখি হৈছে ৰাজ্যৰ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হিচাপে খ্যাত মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে৷ বিলাসী বাহনত ঘুৰা-ফুৰা কৰা বিধায়ক ভাস্কৰ শৰ্মাই যোৱা দুটা বছৰে সমষ্টিৰ লোকৰ বাবে ভিআইপিত পৰিণত হৈ বিলাসী গাড়ীত ঘুৰা ফুৰা কৰাৰ বাবে সমষ্টিৰ কোন কোন পথত গাতৰ বাবে গাড়ী-মটৰ চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে সেই কথা অৱগত আজিলৈ হোৱা নাই৷

বিলাসী গাড়ী গাতত পৰিলে গম নাপায় বাবেই সমষ্টিৰ কোনটো পথৰ অৱস্থা কেনেকুৱা সেই কথা অৱগত নহয় বিধায়গৰাকীয়ে৷ বিজেপিৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে পৰিৱৰ্তনৰ বহু প্ৰতিশ্ৰুতি প্ৰদান কৰি সপোন দেখুৱাইছিল সমষ্টিবাসীক৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত উন্নয়নৰ প্ৰকৃত ছবিখন পথ কেইটাৰ অৱস্থা চালেই গম পোৱা যায়৷ সমষ্টিটোৰ গ্ৰাম্য পথৰ দুৰৱস্থাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ জৰাজীৰ্ণ পথৰ বাবে যমৰ-যাতনা ভোগ কৰি আহিছে ৰাইজে৷

আনহাতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগোলাইৰ পৰা লিডু টিৰাপ কলিয়ৰী অংশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে আহ-যাহ কৰাৰ কোনো উপায় নাই৷ লিডুৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ইমানেই শোচনীয় যে পথটোৰ প্ৰায় অংশ ভাঙি গৈ একো একোটা প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ চৰকাৰ থকাৰ পিছতো যোৱা দুটা বছৰে বিধায়ক ভাস্কৰে পথটোত শিল এটাও পেলাব নোৱাৰিলে৷ যাৰ ফলত বিধ্বস্ত পথটোৱে মাৰ্ঘেৰিটাবাসীক বাৰুকৈ জ্বলা-কলা খুৱাইছে৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেখিলে চকু কপালত উঠিব। সংবাদ মাধ্যম যোগে বহুবাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো আজিলৈকে গুৰুত্ব দিয়া নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগে। আনহাতে দিছপুৰত শুই বহি দিন পাৰ কৰিছে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই৷ মন্ত্ৰী-বিধায়কৰ অমনোযোগীতাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ৷

বিশেষকৈ বৰগোলাই, লিডু, টিৰাপ আদি অঞ্চলত ৰাষ্ট্ৰীয় ঘাই পথৰ পূৰ্বৰ পকী বোৰ এৰি গৈ বিধ্বস্ত হৈ পৰাত ৰাইজে গাড়ী মটৰটো দুৰৰ কথা খোজকাঢ়িবলৈও পৰিবেশ নাই৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত স্থানীয় বিধায়কসকলৰ নিৰ্বাচনী প্রতিশ্রুতিবোৰ যে ফুটুকাৰ ফেনত পৰিণত হৈছে সেই কথা এতিয়া বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ ব্লক তিনিআলীৰ পৰা টিৰাপ কলিয়ৰীৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত আহ-যাহ কৰা লোকসকলে ভাবিবলৈ বাধ্য হৈছে৷ 

ৰাষ্ট্ৰীয় ঘাইপথত দুৰৱস্থাই চাইকেল, ৰিক্সা, দুচকীয়া তথা চাৰিচকীয়া যান-বাহন চলাচল কৰাত অসুবিধাৰ সৃষ্টি হৈ অহাৰ লগতে বিভিন্ন জনে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছে৷ ইয়াৰ পিছতো কিন্তু গড়কাপ্তানী বিভাগৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই পথৰ মেৰামতিৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে৷ যাৰ ফলত পুনৰাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ৰাষ্ট্ৰীয় পথ শীঘ্ৰেই মেৰামতি কৰাৰ দাবীত টিৰাপ কলীয়ৰীৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷

শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, ভাস্কৰ শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমাৰ দাবী মানি লওক আদি শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷ টিৰাপ কলিয়ৰীৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত নাও চলাই, ভূই ৰুই, ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰখাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ মুখা পিন্ধি অভিনয় কৰি নাৱত উঠে৷

বৰ্তমান চৰকাৰৰ তথাকথিত আশ্বাসৰ নমুনা দাঙি ধৰি চৰকাৰখনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়৷ প্ৰায় ১ঘণ্টা ধৰি চলা কাৰ্যসূচীয়ে বহু যান-বাহন পথৰ কাষতেই আৱদ্ধ হৈ পৰে৷ অৱশেষত স্থানীয় আৰক্ষী প্ৰশাসন প্ৰতিবাদস্থলীত উপস্থিত হোৱাত সমগঠনৰটোৰ সৈতে আলোচনাত মিলিত হোৱাত কাৰ্যসূচীত স্থহিত ৰাখে৷ উল্লেখ যে, বৰগোলাই গ্ৰীন গল্ড চাহ ফেক্টৰীৰ সমীপত স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত পথ অৱৰোধেৰে এক প্ৰতিবাদ সাব্যস্ত কৰে৷