newsnextone.com | লিডুঃ ৰাজপথৰ গাঁতত জমা হোৱা পানীত নাৱত উঠিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই৷ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত জমা হোৱা পানীত নাও চলাই৷ প্ৰকৃততে এয়াই এক অভিনৱ প্ৰতিবাদহে৷ অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদে পথত নাও চলাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷ তিনিচুকীয়া জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথ দীৰ্ঘ কাল মেৰামতি নকৰাত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ গাড়ী-মটৰ চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি পথটো মেৰামতি কৰিবলৈ দাবী জনায়৷
ৰাজ্যৰ মন্ত্ৰী-বিধায়কে বিধায়ক হৈয়ে প্ৰথমে এখন বিলাসী গাড়ী ক্ৰয় কৰ৷ বিধায়ক হোৱাৰ পিছতে তেওলোক VVIP হৈ পৰে৷ VVIP হৈ পৰাৰ ফলত তেওলোকে জীৱন ধাৰণৰ পৰা আৰম্ভ কৰি সকলো সলনি কৰিবলৈ বাধ্য হয়৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি বোৰো লাহে লাহে পাহৰি যাবলৈ আৰম্ভ কৰে৷ হিন্দু-মুছলমান, জাত-পাতক লৈ ব্যস্ত হৈ থাকিব লগা হয়৷