newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ মধ্য কালীন অধিবেশন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে কাকপথাৰ ৰাজহুৱা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হয়। কাকপথাৰ প্ৰেছ ক্লাবৰ অাতিথ্যত অনুষ্ঠিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি অনুজ কলিতাই।

কাকপথাৰ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি পৰাগ ভূঞাই। ইয়াৰ পিছতেই স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোৰঞ্জন মৰান অাৰু কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক দ্বীপেন লহকৰে। অধিবেশনৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কাৰ্যসুচী অায়োজন কৰে। কাৰ্যসূচী অনুসৰি কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বিদ্যালয়ৰ অধ্যক্ষ দিপীকা হাতীবৰুৱা, জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা অাৰু মাৰ্ঘেৰিটা সাংবাদিক চ'ৰাৰ সভাপতি ৰাম প্ৰসাদ অাম্বেদকাৰৰ হাতেৰে গছপুলি ৰোপন কৰা হয়।

জিলা সাংবাদিক সন্থাৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুজ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয়। প্ৰতিনিধি সভা উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ নাথ দহোতীয়াই। সভাত বিগত বৰ্ষত সাহিত্য, সংস্কৃতি, সামাজিক অাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত অৱদান অাগবঢ়াই পৰলোকগামী বিশিষ্ট ব্যক্তি সকলক সুঁৱৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

তিনিচুকীয়া জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোৰঞ্জন মৰানে অাঁতধৰা প্ৰতিনিধি সভাত জিলাখনৰ জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা, হিমেন ভট্টাচাৰ্য, ৰিচি দাস, শান্তনু গোস্বামী, ধীৰেন ডেকা, কমল তালুকদাৰৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক চৰা, ডিগবৈ প্ৰেছ ক্লাব, তিনিচুকীয়া প্ৰেছ ক্লাব, ডুমডুমা প্ৰেছ ক্লাব, ছৈখোৱা প্ৰেছ ক্লাব, শদিয়া প্ৰেছ ক্লাব অাৰু কাকপথাৰ প্ৰেছ ক্লাবৰ প্ৰায় ৭০ গৰাকী সাংবাদিক সদস্যই অংশগ্ৰহন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

উত্তৰ পুৰ্বাঞ্চলৰ সীমামুৰীয়া ৰাজ্য অৰুণাচল পৰ্যন্ত ৰেলসেৱা উন্নীত কৰা, ডাঙৰী ষ্টেচনৰ পৰা শদিয়া হৈ ৰয়িঙেদি অৰুণাচললৈ ৰেল চলাচলৰ ব্যৱস্থা কৰাৰ দাবীত ৰেলমন্ত্ৰী অাৰু প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা, ডুমডুমাৰ পৰা পৰশুৰাম কুণ্ডলৈ অাৰম্ভ হ’বলগীয়া ৰেলসেৱাৰ প্ৰাককলন শেষ হোৱাৰ পাছতো কাৰ্য ব্যৱস্থা নোলোৱাত ক্ষীপ্ৰতাৰে কাম কৰাৰ দাবী জনোৱা, তিনিচুকীয়া-ডাঙৰী ডেমু ৰেল সেৱাৰ সময়সূচী সলনি কৰি দুবাৰকৈ ৰেল চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ডাঙৰীৰ পৰা দূৰণীবটীয়া ৰেল চলাচল কৰাৰো দাবী জনোৱা, তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় অাৰু গড়কাপ্তানি পথৰ লগতে গ্ৰাম্যঞ্চলৰ পথসমূহ পকী কৰি যাতায়তৰ মান উন্নীত কৰিবলৈ দাবী জনায়৷

কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৩০ খন বিচনা কৰা, প্ৰায় নিৰ্মাণ কাৰ্যৰ কাম সম্পূৰ্ণ হোৱা ডিৰাক অাই টি অাই খন শীঘ্ৰে মুকলি কৰা, ধলা বজাৰ পৰা কেচাই খাঁটি শাল হৈ ড০ ভূপেন হাজৰিকা সেতু সংযোগী পথটো পকীকৰণ কৰাৰ দাবী জনোৱাৰ লগতে সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত লবলগীয়া কেইবাটাওঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ পূৰ্ণাংগ অধিবেশন মাৰ্ঘেৰিটাত অহা বৰ্ষত মাৰ্ঘেৰিটা সাংবাদিক চ'ৰাৰ উদ্যোগত অায়োজন কৰাৰ বাবে মধ্যকালীন অধিবেশনত সিদ্ধান্ত গ্ৰহণ কৰে।