newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ মধ্য কালীন অধিবেশন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে কাকপথাৰ ৰাজহুৱা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হয়। কাকপথাৰ প্ৰেছ ক্লাবৰ অাতিথ্যত অনুষ্ঠিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি অনুজ কলিতাই।
কাকপথাৰ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি পৰাগ ভূঞাই। ইয়াৰ পিছতেই স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোৰঞ্জন মৰান অাৰু কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক দ্বীপেন লহকৰে। অধিবেশনৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কাৰ্যসুচী অায়োজন কৰে। কাৰ্যসূচী অনুসৰি কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বিদ্যালয়ৰ অধ্যক্ষ দিপীকা হাতীবৰুৱা, জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা অাৰু মাৰ্ঘেৰিটা সাংবাদিক চ’ৰাৰ সভাপতি ৰাম প্ৰসাদ অাম্বেদকাৰৰ হাতেৰে গছপুলি ৰোপন কৰা হয়।