67
টিংখাংঃ এদিন কাম নকৰিলে ঘৰ চলাব নোৱাৰা শ্ৰমিক ওলাই আহিল ৰাজপথলৈ৷ সহকৰ্মীক অকাৰণত আটক কৰাত ক্ষোভিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ শ্ৰমিকে৷
শুকুৰবাৰে টিংখাঙত শতাধিক শ্ৰমিকে শ্ৰম কৰিবলৈ এৰি কেইবাঘণ্টা ধৰি মৰাণ-নাহৰকটীয়া গড়কাপ্তানী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কেচা চাহ পাত চুৰিৰ সন্দেহত টিংখাং আৰক্ষীয়ে টিংখাঙৰ শালমাৰী চাহ বাগিছাৰ ৪ জন যুৱকক আটক কৰাৰ পিছতে ক্ষোভিত হৈ পৰে বাগিছাখনৰ কৰ্মচাৰীসকল৷