তিনিচুকীয়াঃ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বুধবাৰে AJYCP আৰু ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।
আজি ৰাজ্যসভাৰ সদনত জাতিধ্বংসী বিধেয়কখনৰ প্ৰসংগ উত্থাপিত হ’ব বুলিয়েই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠন কেইটাৰ দুই শহস্ৰাধিক প্ৰতিবাদকাৰীয়ে৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে সংগঠন কেইটাই চৰকাৰক এই বিধেয়কখন কোনো অৱস্থাতে গৃহীত নকৰিবলৈ সকিয়াই দিয়ে৷ নহ’লে পৰৱৰ্তী সময়ত ভয়াবহ পৰিস্থিতিৰ হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাৰ নেতৃবিন্দই৷