তিনিচুকীয়াঃ যোৱা বিধান সভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত কংগ্ৰেছ চৰকাৰে চাহ জনগোষ্ঠী, অনুসূচিত জনজাতি, অনুসূচিত জাতিৰ পিছপৰা লোকসকলৰ মাজত বিতৰণ কৰিবলৈ অনা পানীৰ ফিল্টাৰ, ফটোষ্টেট মেচিন, তাঁতশাল, চিলাই মেচিন বিতৰণ নকৰাকৈ পৰিত্যক্ত হৈ ৰৈছে তিনিচুকীয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত। ইয়াৰে কিছু সংখ্যাক সামগ্ৰী জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়তো দেখা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি উল্লিখিত সামগ্ৰীখিনি ব্যৱহাৰৰ বাবে বিতৰণৰ ব্যৱস্থা নকৰি প্ৰায় ৩০০০ৰো অধিক পানীৰ ফিল্টাৰ, ৫০টাতকৈ অধিক ফটোষ্টেট মেচিন, ২০খনতকৈ অধিক তাঁতশাল আৰু ৫০ টাতকৈ অধিক চিলাই মেচিন বিতৰণ নকৰাকৈয়ে থকাৰ ফলত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। চৰকাৰ-প্ৰশাসনে এনেদৰে ৰাজহুৱা ধনৰ অপচয় কৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ সচেতন মহল।