টিপলাইঃ গোৱালপাৰা জিলাৰ টিপলাইস্থিত ঐতিহ্যমণ্ডিত নায়তাৰা-চৌতাৰা জিলাখনৰ ভিতৰতেই এখন লেখত ল'বলগীয়া বিল ৷ চৰকাৰী নথি অনুসৰি ৫৮০ বিঘা ১৪ লেচা মাটিকালিৰে আৱৰা এই বিলখন সম্প্ৰতি বেদখলকাৰীৰ কবলত।

এই সংক্ৰান্তত আজি অঞ্চলটোত উপস্থিত হৈ বিলখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷ বিলখনৰ পাৰৰ তথা আমবাৰী গাঁও পঞ্চায়তৰ উলুবাৰীত আজি অনুষ্ঠিত হোৱা সভাত বিধায়ক ৰাভাই কয় যে বিলখন সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা হাতত ল'বলৈ চৰকাৰে পৰিকল্পনা অব্যাহত ৰাখিছে।

টিপলাইৰ লগতে উলুবাৰী, নাইতৰ অঞ্চলত বিদ্যুৎ, খোৱা পানী, ৰাস্তা-ঘাট আদিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও সভাখনত ৰাইজক আশ্বাস প্ৰদান কৰে বিধায়কজনে।

পৰিদৰ্শন কালত বিধায়ক গৰাকীক সংগ দিয়ে গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা, উপ-সভাপতি পূৰন্দৰ ৰাভা , সম্পাদক দিলীপ দাস, জিলা মাইনৰিটি কোষৰ সম্পাদক কচুমুদ্দিন শ্বেখ, বিজেপিৰ টিপলাই আঞ্চলিকৰ সভাপতি-সম্পাদক ক্ৰমে যতীন দাস আৰু বীৰেন দাসে ৷

স্বাধীনতাৰ ৬৯ বছৰ পাৰ হোৱাৰ পিছতো কোনো এজন বিধায়ক তথা জনপ্ৰতিনিধিয়ে প্ৰৱেশ নকৰা সমস্যাজৰ্জৰ উলুবাৰী অঞ্চলত আজি  হঠা९ বিধায়কজন উপস্থিত হৈ বিভিন্ন সমস্যাৰ বিষয়ে আশ্বাস দিয়াত ৰাইজ সন্তুষ্টি প্ৰকাশ কৰে।