ডিজিটেল ডেস্কঃ টিপু চুলটানৰ জয়ন্তীক লৈ হৈ থকা বাদ বিবাদৰ মাজতেই বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১৮শ শতাব্দীৰ মহীষুৰৰ শাসকগৰাকীৰ উচ্চ প্ৰশংসা কৰে৷
ৰাষ্ট্ৰপতি কোবিন্দে কৰ্নাটক বিধানসভাত সাংসদ সকলক উদ্দেশ্যি দিয়া ভাষণত টিপু চুলটানে বিদেশী সকলৰ বিৰুদ্ধে যুঁজ দি মৃত্যু বৰণ কৰা ডাঙৰ যোদ্ধা আখ্যা দিয়ে৷ তেওঁ মহীষুৰৰ ৰকেটৰ বিকাশৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভুমিকা পালন কৰিছে আৰু যুদ্ধত ইয়াৰ উচিত ব্যৱহাৰ কৰি নিদৰ্শন দাঙি ধৰিছে৷
আনহাতে আকৌ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগৰেই কৈছে যে, টিপু চুলটান এগৰাকী বলাৎকাৰী আৰু ক্ৰতাৰে হত্যা কৰা শাসক আছিল৷ কোনো ক্ষেত্ৰততেই মহানুভৱতা তেওঁৰ মাজত নাছিল৷
উল্লেখযোগ্য যে. কৰ্নাটক চৰকাৰে অহা ১০ নৱেম্বৰত টিপু চুলটানৰ জয়ন্তী উৎসৱৰ আয়োজন কৰিছে৷