মঙলদৈঃ কোচ ৰজাৰ দৰবাৰতো বিশেষ স্থান পাইছিল ব্যাসৰ ওজাপালিয়ে। কোচ ৰজাৰ কাৰ্যকালত দৰঙী ব্যাসৰ ওজাক ৰাজ দৰবাৰলৈ আমন্ত্ৰণ জনাই সন্মানিত কৰা হৈছিল। পৌৰাণিক আখ্যান আৰু ধৰ্মীয় দৰ্শনৰ ওপৰত ভিত্তি কৰি পৰিৱেশন কৰা এই ব্যাসৰ ওজাপালি দৰঙীয়া লোক-কৃষ্টিসমূহৰ অন্যতম।
শাস্ত্ৰীয় পদ্ধতিৰে পৰিৱেশন কৰা এই ওজাপালি জিলাখনৰ লগতে অসমতো প্ৰসাৰৰ বাবে এচাম শিল্পীয়ে অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে। এই ব্যাসৰ ওজাৰ এজন আজন্ম শিল্পী তীৰ্থ নাথ ওজা। দৰং জিলাৰ চৰণধৰাৰ গঢ়িয়া গাঁৱৰ এইগৰাকী শিল্পী দল-সংগঠন তথা চৰকাৰৰ পৰা আজিও অৱহেলিত।