তিতাবৰঃ পুৱতি নিশা চাৰে চাৰি বজাত তিতাবৰ ৰে’ল ষ্টেচনৰ কিছু নিলগত উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত প্ৰায় ৬ বছৰীয়া হাতী পোৱালি এটাৰ কৰুণ মৃত্যু হয়। ৰে’লগাড়ীখনে হাতীৰ পোৱালিটোক প্ৰায় ৩০০ মিটাৰৰ চোঁচৰাই লৈ যোৱাত ৰে’ল পথছোৱা তেজ আৰু মঙহৰে ভৰি পৰে৷
তিতাবৰৰ বন বিভাগৰ আঞ্চলিক কাৰ্যালয় চৌহদত নিচেই কাষতে এই কৰুণ ঘটনাটো সংঘটিত হয়। এই ঘটনাত ৰে’লখনৰ বিশেষভাৱে সক্ষম লোকৰ বাবে থকা ডবাটো লাইনছ্যুত হোৱাৰ লগতে ৰে’লপথছোৱাৰ বিস্তাৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা যায়।