Home ৰাজ্যতৰুণ গগৈৰ তিতাবৰত উন্নয়ণৰ তিতা-কেঁহা

তৰুণ গগৈৰ তিতাবৰত উন্নয়ণৰ তিতা-কেঁহা

by News Desk
A+A-
Reset
c5c808bb-0fc5-463f-a078-bd0023e5fee1

 

অজয় শইকীয়াঃ ট্ৰেইন খন ষ্টেচনত থমকি ৰওতেই দেখা গ’ল চাইনবৰ্ডখনৰ আখৰবোৰ — তিতাবৰ ! লগে লগে মনলৈ আহে এগৰাকী বিশেষ ব্যক্তিৰ কথা-তৰুণ গগৈ। একেৰাহে ১৫ বছৰৰ মুখ্যমন্ত্ৰী তেওঁ। ট্ৰেইন বা বাছেৰে যাওঁতে দেখা যায় উন্নয়ণমুখী বহু দৃশ্য- ওখ ওখ বিল্ডিং, পকী পথ আদি। কিন্তু বিধানসভা সমষ্টিটোত এনে বহু অঞ্চল আছে, এনে বহু দৃশ্য আছে যিবোৰ দেখিলে প্ৰশ্ন জাগিব এই সমষ্টিটোকে তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰেনে? হয়! ৰাজ্যৰ ভিতৰতে এটা মৰ্যাদা সম্পন্ন সমষ্টি হ’ল ১০০ নং তিতাবৰ সমষ্টি। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত তিতাবৰে পোন্ধৰটাকৈ বছৰ মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে ৰাজ্যত নাম জিলিকাবলৈ সক্ষম হোৱাৰ উপৰি চতুৰ্থবাৰৰ বাবে তৰুণ গগৈয়ে বিধায়ক হিচাপে সমষ্টিটোৰ পৰা বিপুল ভোটত নিৰ্বাচিত হৈছিল। তৎস্বত্বেও তিতাবৰৰ বিভিন্ন গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ লোকৰ মৌলিক সমস্যাবোৰ সমাধান নোহোৱাৰ ফলশ্ৰুতিত এতিয়া দিশহাৰা হৈ পৰিছে সমষ্টিবাসী। খোৱাপানী, গ্ৰামাঞ্চলৰ বাট-পথ, সীমান্তবাসীৰ ভূমিস্বত্ব, কৃষকৰ সমস্যা, ছাত্ৰ-ছাত্ৰীৰ শিক্ষা-দিক্ষা আদি সকলো ক্ষেত্ৰতে উন্নয়ণৰ স্থবিৰতাই জনজীৱনৰ গতিত বাৰুকৈয়ে জ্বলাকলা খুৱাইছে। সমষ্টিবাসী আজি নিৰুপায়। কাক জনাব সমস্যা তথা অভাৱ অভিযোগৰ বেদনা। পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত সমষ্টিটোৰ চুকে-কোনে প্ৰতিটো বিভাগতে বিয়াগোম দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছিল। বিধায়ক হিচাপে তৰুণ গগৈৰ মৌনতা আৰু এৰাপলীয়া স্বভাৱৰ বাবে সমষ্টিটোত একাংশ তথাকথিত ঠিকাদাৰ, অভিযন্তা, ৰাজনৈতিক নেতা-পালিনেতাই ইমানেই লুণ্ঠন চলালে যে সমষ্টিটোৰ সামগ্ৰিক উন্নয়ণ ছবিখন সম্পূৰ্ণৰূপে পঁয়ালগা হৈ পৰিল। ৰাজ্যত কংগ্ৰেছৰ দম্ভ উফৰাই বিজেপিয়ে শাসনভাৰ লোৱাৰ লগে লগে তিতাবৰ সমষ্টিবাসীয়ে আকৌ আশা কৰিছিল যে এই সকলোবোৰত হোৱা দুৰ্নীতি, অনিয়মৰ উচিত তদন্ত হব। ৰাজ্যৰ বাকী সমষ্টিবোৰৰ লগতে তিতাবৰটো উন্নয়ণৰ ক্ষিপ্ৰতা অধিক বৃদ্ধি পাব। মুৰকত সেয়াও হৈ নুঠিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0