তিতাবৰৰপৰা চাজিদ হুছেইনৰ সহযোগত মৰিয়নীৰপৰা সপোন ৰহমান শইকীয়াঃ ছোৱালীকালত অলেখ সপোন মনত পুহি ৰাখে যুৱতীসকলে। পঢ়া-শুনাৰ উপৰিও এজন ভাল ল’ৰালৈ বিয়া হৈ যাব, এখন সুখৰ সংসাৰ কৰিব৷ 

কিন্তুু বিয়াৰ পাছত যেতিয়া সকলো সপোন মৰহী যায়, সপোন ভঙি চুৰমাৰ হৈ নৰক সদৃশ হয়গৈ, তেতিয়া কি হয়? এনে এগৰাকী বোৱাৰীৰ কাহিনীৰে আমাৰ এক বিশেষ প্ৰতিবেদন৷ এই ঘটনা তিতাবৰৰ দেওঘৰীয়া গ্ৰাণ্টৰ৷ 


কাহিনীটোৰ খলনায়ক এজন শিক্ষক, নাম বুলুকন গগৈ৷ গগৈৰ সৈতে প্ৰেম বিবাহত আবদ্ধ হৈছিল পৰিস্মিতা গগৈয়ে৷ কিন্তুু বিয়াৰ এমাহৰ পাছতেই সুখৰ সংসাৰত লাগিল জুই। বিয়াত দিয়া সামগ্ৰী পছন্দ হোৱা নাছিল বুলুকনৰ আৰু সেয়ে প্ৰতি দিনেই পত্নী পৰিস্মিতাৰ ওপৰত যৌতুকৰ বাবে চলাইছিল অকথ্য নৰ্যাতন৷

কেতিয়াব যদি গৰম হেতা কেতিয়াবা ফলা খৰিৰ কোব চৰ-গোৰৰ কোনো হিছাপ নাই৷ আঘাটৰ চিন দেখিলেই বুজিব পাৰি স্বামীয়ে কিমান নিৰ্যাতন চলাইছিল পৰিস্মিতাৰ ওপৰত৷

এইদৰেই এটি কন্যা সন্তানৰ মাতৃ হ’ল পৰিস্মিতা৷ সন্তানৰ মাতৃ হোৱাৰ পাছতো কিন্তুু নিৰ্যাতন নকমিল। প্ৰতিদিনেই চলিছিল অত্যাচাৰ আৰু এতিয়া এটি কন্যা সন্তানৰ মাতৃগৰাকী তিতাবৰৰ মহকুমা চিকিৎসালয়ৰ বিছনাত ছটফতাই পৰি আছে৷ 

কাষত কিন্তুু নাই স্বামী৷ স্বামীৰ বিৰদ্ধে তিতাবৰ থানাত এখন এজাহাৰ দিয়া হৈছে। তিতাবৰ আৰক্ষীয়ে মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ১৩৪ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি  ৪৯৮ এ, ৫০৬ আৰু  আৰ ডব্লিউ চি ৩/৪ ডিপি এক্টত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

যদিও বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই অভিযুক্তক৷