newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত যেন ক্ষান্ত নহয় অসমীয়া৷ কি উজনি কি নামনি এতিয়া সৰ্বত্ৰে মাথোঁ দিল্লী দিছপুৰৰ মচনদ দখল কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদ আৰু প্ৰতিবাদ৷
তাৰ মাজতে মঙলবাৰে অসম চাহ মজদুৰ সংঘ ডুমডুমা শাখাৰ আহ্বানত কুমচাং চাহ বাগিচাৰ ইউনিটেও বাগিচাখনৰ বিষয়া-ৰ্কমচাৰীৰ উপস্থিতিত চাহ শ্ৰমিক তথা কাকপথাৰৰ ৰাইজৰ সহযোগত কাকপথাৰত এক বৃহৎ জোঁৰ সমদল উলিয়াই নগাৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷