গুৱাহাটীঃ তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰণলৈ বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰপৰা এইবৰ্ষৰ মুক্তি যুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব।

শনিবাৰে বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষক জীনা ৰাজকুমাৰীয়ে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এইকথা সদৰী কৰে।

নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ, জি এল ছ'চিয়েল চাৰ্কল আৰু ব্যতিক্ৰম মাছডোৰ সহযোগত অহা ২২ মাৰ্চৰপৰা ২৯ মাৰ্চলৈকে আয়োজন কৰা বিহুৰ কৰ্মশালা আৰু থাইলেণ্ডৰ লোকনৃত্যৰ কৰ্মশালাৰ সামৰণি দিন অৰ্থাৎ ২৯ মাৰ্চত বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰপৰা তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰণক মুক্তি যুঁজাৰু কমল মহন্তৰ সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে।