Home ৰাজ্যতিৱা সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাবে উদযাপন

তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাবে উদযাপন

by News Desk
70 views
A+A-
Reset

newsnextone১১অক্টোবৰ,মৰিগাওঁঃ  তিৱা জাতিক সাংস্কৃতিক ভাবে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম খনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তিৱা সাংস্কৃতিক সমাজে যোৱা ১০ অক্টোবৰ তাৰিখে ২৯ টা বৰ্ষ সম্পূৰ্ণ কৰে। তিৱা সাংস্কৃতিক সমাজৰ ২৯ তম প্ৰতিষ্ঠা দিৱসতো দিনযোৰা কাৰ্য্যসূচীৰে মৰিগাঁও জিলাৰ মিন্দাইচালত (দেওঁশালত) ১০ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় ভাবে পালন কৰা হয় । 
১৯৮৯ চনতেই তিৱা সাংস্কৃতিক সমাজ (Tiwa Kanthi-churi Chomot) গঠন হয় আৰু তাৰ পিছৰ পৰাই আজি পৰ্য্যন্ত  সুদীৰ্ঘ ২৯ বছৰে তিৱা জাতীয় সংগ্ৰাম খনত এই তিৱা সাংস্কৃতিক সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । তিৱা জাতিৰ স্বাভিমানৰ সংগ্ৰাম খনত নিজৰ জাতিটোক, জাতীয় চেতনা জাগ্ৰত কৰা, ভাষা সংস্কৃতিৰ বিস্তাৰ, বিকাশ আৰু প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখনত তিৱা সাংস্কৃতিক সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে । 
প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী মৰ্মে পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে তিৱা সাংস্কৃতিক সমাজৰ সভাপতি মুংছা ফুকণ কাৰ্খয়ে। পুৱা দহ বজাত স্মৃতি তৰ্পন কৰে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য মুংছা পৰিমল পাটৰে।দিনৰ ১১ বজাত তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকণ কাৰ্খৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত মুকলি সভাখন উদ্বোধন কৰে তিৱাসাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক মুংছা সুভেন বৰদলৈয়ে । 
মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, সদৌ অসম ট্ৰাইবেল ইয়ুথ লীগৰ সভাপতি ৰিমল আমছি, তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাদাৰ, সদৌ তিৱা ছাত্র সন্থাৰ সভাপতি দ্বীপেন মছৰং, তিৱা সুৰক্ষা সমিতিৰ সম্পাদক চিজয় দেউৰী, তিৱা যুৱ পৰিষদৰ সভাপতি দিলিপ বৰদলৈ, সদৌ তিৱা মহিলা সন্থাৰ সাঃ সম্পাদিকা টুটুমনি ডেকাৰজা, মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰনৱ জ্যোতি মছৰং, স্বায়ত্ব শাসন দাবী সংগ্ৰামী মঞ্চৰ সম্পাদক মুহিত বৰদলৈ,সদৌ তিৱা ছাত্র সন্থাৰ বিত্তীয় সম্পাদক মহন্ত ছাগ্ৰাকে আদি কৰি বহু কেইটা তিৱা জাতীয় সংগঠনৰ বিষয় ববীয়াসকল উপস্থিত থাকে ।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া ৭ বজাৰ পৰা গণ শিল্পী স্বৰ্গীয় বগাধৰ সেনাপতি সোঁৱৰণীত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয় ।

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0