newsnextone.com।টীয়কঃ যোৰহাট জিলাৰ টীয়ক নগৰৰ,৩৭নং ৰাষ্ট্ৰীয় পথ আৰু টীয়ক FRU চিকিৎসালয় সংযোগী অতি গুৰুত্বপূৰ্ণ পথচোৱা মেৰামতি কৰা, ব্যক্তিগত খণ্ডৰ হলি ফ্লাৱাৰ হাইস্কুলৰ স্থায়ী পৰ্কিংৰ ব্যৱস্থা কৰা, টীয়ক নৈ আৰু মুদৈজান নৈ খননৰ প্ৰতিবেদন দাখিল কৰাৰ দাবীত আজি টীয়কত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোৱে টীয়ক FRU চিকিৎসালয় সংযোগী পথটো অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। সংগঠনটোৱে জনোৱা মতে এই ক্ষেত্ৰত কেইবাবাৰো ৰাজহ চক্ৰ কাৰ্যালয়ৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে যদিও কোনো গুৰুত্ব আৰোপ নকৰিলে। ইয়াৰ পিছতো সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদকাৰী সকলে।