নগাঁওঃ বিশ্বৰ লোক সমাজৰপৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনকদিনে লোপ পাই অহালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধাশীল আৰু সচেতন কৰাৰ অৰ্থে ২০০০ চনৰপৰা আন্তঃৰাষ্ট্ৰীয়ভাৱে ২১ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব মাতৃভাষা দিৱস ৰূপে উদযাপন কৰি আহিছে৷
কিন্তু পৰিতাপৰ কথা যে, যিসময়ত ৰাষ্ট্ৰসংঘৰ দৰে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই মাতৃভাষাসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে যি মহৎ পদক্ষেপ হাতত লৈছে, সেই সময়ত লক্ষণীয়ভাৱে জাতীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানসমূহেই নিজৰ মাতৃভাষাৰ প্ৰতি চৰম অৱহেলা আৰু অসন্মান প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গৈছে৷