হোজাইঃ বাংলাদেশী খেদিবলৈ দ্বিতীয় লাচিতক নালাগে৷ মোগলে ঢাকাৰ পৰাই অসম আক্ৰমণ কৰিছিল কিন্তু মহাবীৰ লাচিতৰ হাতত পৰাজয় বৰণ কৰিছিল৷ এই মন্তব্য বিশ্ব হিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়াৰ।
হোজাই জিলাত অনুষ্ঠিত বিশ্ব হিন্দু পৰিষদৰ শিক্ষাবৰ্গৰ দহদিনীয়া সমাৰোহ সমাপন অনুষ্ঠানত উপস্থিত থাকি বিশ্ব হিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়াই শনিবাৰে হোজাইত এক উদাত্ত ভাষণত এই কথা প্ৰকাশ কৰে৷