টকিঅ': উত্তৰ জাপানস্থিত চাপোৰা নামৰ চহৰত ভয়াৱহ বিস্ফোৰণৰ ফলত দপদপাকৈ জ্বলি উঠে এখন ৰেস্তোৰাঁ৷   এক ভয়ানক বিস্ফোৰণৰ ফলত কোনো লোকৰ অনিষ্ট নহ’ল যদিও ৪২ জনকৈ লোকে আঘাত পায় বুলি জানিব পৰা গৈছে৷

দেওবাৰে নিশা সংঘটিত হোৱা এই বিস্ফোৰণত জুই লগাত ওচৰৰ অট্টালিকাবোৰৰো যথেষ্ট ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে৷ ৰেষ্টোৰাঁখনত ভয়াৱহ বিস্ফোৰণৰ ফলত জুই লগাৰ বাবে ৪২ জন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও তেওঁলোক সুৰক্ষিত৷ আনহাতে ৰেস্তোৰাঁলৈ অহা বহু লোকে এই ঘটনাৰ পাছত ওচৰৰে ছেল্টৰ হোমতআশ্ৰয় ল’বলগীয়া হয়৷

এই বিস্ফোৰণ কাণ্ডত বহুত শিশু আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন ব্যক্তিৰ মুখমণ্ডল বেয়াকৈ জ্বলিল যদিও প্ৰাণ ৰক্ষা পৰে৷ 

চাপোৰোত অগ্নিনিৰ্বাপক বাহিনীয়ে এই ঘটনাৰ সন্দৰ্ভত কয় যে অগ্নিদগ্ধ হোৱা ৰেস্তোৰাঁখনৰ কাঠেৰে তৈয়াৰী দুই নম্বৰ মহলা, তাৰ ওপৰৰ মহলা আৰু এটা ক্লিনিক যথেষ্ট পৰিমাণে ক্ষতিসাধন হয়৷ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।