চাংসাৰিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত দেৱৰাজ আচাৰ্য নামৰ এজন লোকৰ দেহত কৰ’না পজিটিভ পোৱাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। ইয়াৰ মাজতে মদনপুৰত তীব্ৰ গতিত চলিছে টোলগেটৰ নিৰ্মাণ কাৰ্য৷

প্ৰাপ্ত বাতৰি অনুসৰি, কৰ্মসূত্ৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত ভাড়া ঘৰত বসবাস কৰা দেৱৰাজ আচাৰ্য নামৰ ক’ভিড-১৯ পজিটিভ লোকজন যোৱা ৬ মে’ত পশ্চিম বংগৰ শিলিগুৰিৰ পৰা গুৱাহাটীলৈ আহিছিল। তাৰপিছত তেওঁক কোৱাৰেন্টাইন আৰু চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল সৰুসজাইলৈ৷ 

জিলা প্ৰশাসনে ব্যক্তিগৰাকীয়ে বাস কৰা ঠাইৰ পৰা ৩ কি.মি. ব্যাসাৰ্ধৰ অঞ্চল ছীল কৰি দিয়াৰ লগতে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি পথসমূহ বন্ধ কৰি দিয়ে। এই পথসমূহৰে এলেকাটোত কোনো লোক তথা বাহন ওলাব বা সোমাব নোৱাৰে তাৰবাবে জিলা উপায়ুক্ত কমল বৈশ্যই এক নিৰ্দেশনাও জাৰি কৰে।

কিন্তু সেই সকলো নিৰ্দেশনাক ভেঙুচালি কৰি প্ৰশাসনৰ চকুৰ সমুখতে ক’ভিড-১৯ আক্ৰান্ত ৰোগীগৰাকী থকা আবাসগৃহটোৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত অৰ্থাৎ কন্টেইনমেন্ট এলেকাৰ ভিতৰতে মদনপুৰৰ টোলগেটৰ নিৰ্মাণ কাৰ্য্য অব্যাহত আছে। প্ৰশাসনে সম্পূৰ্ণ এলেকাতো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ পিছতো এম বি কনছৰ্টিয়াম নামৰ টোলগেট নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কাৰ্য চলাই নিয়াত অঞ্চলটোৰ ৰাইজ হতবাক হৈ পৰিছে। 

বিশেষকৈ নিৰ্মাণকাৰী সংস্থাটোৰ একাংশ শ্ৰমিকে সামাজিক দূৰত্ব নমনাকৈ আৰু মাক্স আদি পৰিধান নকৰাকৈ কাম কৰাত মদনপুৰবাসী কৰ’নাৰ সংক্ৰমণক লৈ যথেষ্ট শংকিত আৰু ভীতিগ্ৰস্ত হোৱা দেখা গৈছে। ইফালে বিষয়টোক লৈ জিলা প্ৰশাসনেও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

এনে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনক নিৰ্লিপ্ত ভূমিকা পৰিহাৰ কৰি সক্ৰিয়তাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই কৰ’নাৰ সংক্ৰমণক লৈ শংকিত হৈ থকা অঞ্চলবাসীয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো উক্ত বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। লগতে টোলগেটৰ নিৰ্মাণ কাৰ্য আৰু দুদিনমান স্থগিত ৰাখিলে কাৰ কি ক্ষতি আছিল বুলিও সচেতন লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে।